ৰাজ্যত ডিচেম্বৰত হ’ব পঞ্চায়ত নিৰ্বাচন - মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
Pointers by News Desk 21-Aug-2024
- ৩১ আগষ্টৰ ভিতৰত পুনৰ গঠন কৰা হ’ব পঞ্চায়ত। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। ২০২৪ৰ ডিচেম্বৰৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
- ৭ ছেপ্টেম্বৰৰ ভিতৰত পুনৰ গঠন কৰা হ’ব ব্লক
- মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ’ব ৰাজনীতি মুক্ত
- পঞ্চায়ত নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন । পঞ্চায়ত নিৰ্বাচন লৈ শিলচৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়ত গোটৰ সদস্যসকলে -মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
আলফা(স্বাঃ)ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
Pointers by News Desk 21-Aug-2024
- আলফা(স্বাঃ)ৰ প্ৰভাৱ অসমত আছে
- আলোচনাৰ প্ৰক্ৰিয়া চলি আছে : মুখ্যমন্ত্ৰী
- নিৰ্বাচনৰ পৰা মই কথা পতা নাই পৰেশ বৰুৱাৰ সৈতে - CM
- আগতে ১০ বা ১৫ দিনৰ মূৰত কথা পাতি থাকোঁ - CM
- তেওঁ আলোচনাৰ বাবে বিচাৰে সাৰ্বভৌমত্ব’ আজি যদি পৰেশ বৰুৱাই কয়, তেন্তে মই আজিয়ে আলোচনা কৰিম -CM
শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Pointers by News Desk 21-Aug-2024
- শিৱসাগৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ‘এই ঘটনা ৰাজনীতি কৰিব নালাগে, বাতৰি পৰিৱেশন কৰিব নালাগে, ‘মোক ক’লে ময়ো আঁঠু ল’লো হয়’
- ছোৱালীৰ ক্ষেত্ৰত এনে কাম সহ্য কৰা নহ’ব : CM
- ‘শিৱসাগৰৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ, অসমীয়া ছোৱালীৰ ওপৰত আক্ৰমণ হ’লে এনেকুৱা হ’ব লাগে’
- ‘শিৱসাগৰৰ পৰা শিক্ষা ল’ব লাগে বাকী জিলাই’
- নামনি অসমত দুমাহত ২২টা যুৱতীৰ ওপৰত আক্ৰমণৰ ঘটনা হৈছে - CM
কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত দেশজুৰি ২৪ঘন্টীয়া ধৰ্মঘট
Pointers by News Desk 17-Aug-2024
- কলকাতাৰ চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত আজিৰে পৰা দেশজুৰি ভাৰতীয় চিকিৎসক সন্থাৰ ২৪ঘন্টীয়া ধৰ্মঘট।
- আজি পুৱা ৬বজাৰ পৰা দেওবাৰ পুৱা ৬বজালৈ অব্যাহত থাকিব ভাৰতীয় চিকিৎসক সন্থাৰ এই ধৰ্মঘট
- GMCH, JMCH, AMCHতো কনিষ্ঠ চিকিৎসক সকলৰ প্ৰতিবাদ। জ্যেষ্ঠ চিকিৎসক সকলে আগবঢ়াইছে সেৱা।
- দেশ জোঁকাৰি যোৱা ঘটনাৰ প্ৰতিবাদত, ছাত্ৰ-ছাত্ৰীয়ে ন্যায় বিচাৰি উলিয়ালে প্ৰতিবাদী সমদল
- অপৰিহাৰ্য আৰু জৰুৰীকালীন সেৱা অব্যাহত
আলফা (স্বা:)ৰ বোমা, উজনিলৈ SDGP-IGP
Pointers by News Desk 17-Aug-2024
- আলফা স্বাধীনে বোমা সংস্থাপন কৰা সন্দৰ্ভত আৰক্ষীৰ তদন্ত। ৪টা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ অসম আৰক্ষীৰ।
- গুৱাহাটীৰ কেইবাটাও স্থানৰ CCTV ভিজুৱেল সংগ্ৰহ।
- SDGP হৰমিট সিং আৰু IGP পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত উজনিলৈ ৰাওনা আৰক্ষীৰ বৃহৎ দল।
- ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে বিচাৰিলে ৰাইজৰ সহায়।
- তথ্য দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ।